Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়আহি আছে কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰিব পৰা ইলেকট্ৰিক বাহন

আহি আছে কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰিব পৰা ইলেকট্ৰিক বাহন

ডিজিটেল ডেস্ক, ANEWS24X7: সাম্প্ৰতিক সময়ত পৰিবেশ প্ৰদূষণে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ পৰিবেশ প্ৰদূষণৰ মূল কাৰণ হৈছে বৰ্ধিত যান-বাহন আৰু কল-কাৰখানাৰ পৰা নিৰ্গৰিত হোৱা কাৰ্বন-ডাই-অক্সাইড আৰু অন্যান্য বিষাক্ত গেছ সমূহ ৷ কল-কাৰখানা , যান-বাহন বৃদ্ধি পোৱাৰ লগে লগে পৰিবেশত বৃদ্ধি পাবলৈ ধৰিছে কাৰ্বন-ডাই-অক্সাইডৰ পৰিমান ৷ ইয়াৰ ফলতে বৃদ্ধি পাবলৈ ধৰিছে গোলকীয় উষ্ণতা ৷

এনে ভয়াবহ পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে নেডাৰলেণ্ডৰ আইন্দোবেন প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিকশিত কৰিছে ‘জেম’ নামৰ এখন বিশেষ বৈদ্যুতিক যাত্ৰীবাহী বাহন ৷ বাহনখনে নিস্কাষণ কৰিব বায়ু প্ৰদূষণ ৷ বাহনখনৰ ইঞ্জিনত এক বিশেষ প্ৰকাৰৰ ফিল্টাৰ সংৰূপন কৰা হৈছে ৷ যাৰ ফলত বাহন খনে পৰিবেশত থকা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰিব পাৰে ৷ নিৰ্মাতা সকলে এই বাহনখনৰ দ্বাৰা বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যাব বুলি মন্তব্য কৰে ৷

এই বিশেষ বাহন খনে এটা বছৰত ২০,০০০ মাইল ভ্ৰমণ কৰি বায়ুমণ্ডলৰ পৰা ২ কিলোগ্ৰাম কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰিব পাৰিব ৷এনেধৰণৰ ১০ খন বাহনে এটা বছৰত এজোপা গছে আহৰণ কৰা কাৰ্বন-ডাই-অক্সাইডৰ সম পৰিমাণৰ গেছ আহৰণ কৰিব পাৰিব ৷ আপাত দৃষ্টিত এই বাহনখনৰ কাৰ্বন-ডাই-অক্সাইড শোষণ কৰাৰ ক্ষমতা খুব বেছি নহয় ৷ নিৰ্মাতা সকলে কয় যে , ‘ যদিহে পৃথিবীৰ সকলো লোকে এই বাহনখন ব্যৱহাৰ কৰে তেন্তে এক বিপ্লৱ ঘটিব পাৰে ৷ ’’ উল্লেখ্য যে বিশ্বজুৰি ১০০ কোটিতকৈও অধিক যাত্ৰীবাহী বাহন আছে ৷

অবশ্যে এই পৰ্যন্ত বাহন খনক প্ৰাথমিক ৰূপ দিয়া হৈছে ৷ আনাগত দিনত বাহনখন আৰু উন্নিত কৰা হ’ব বুলি মন্তব্য কৰে নিৰ্মাতা সকলে ৷ এই বাহনখন আইন্দোবেন প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ মুঠ ৩৫ জন শিক্ষাৰ্থীয়ে এব

ছৰৰ ভিতৰত নিৰ্মাণ কৰিছে ৷ ইতিমধ্যে জেম নামৰ এই বিশেষ বাহনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজপথত পৰীক্ষামূলক ভাবে ভ্ৰমণ কৰোৱা হৈছে ৷ আশা কৰা হৈছে যে এই বিশেষ বাহন খন অতি সোনকালে বজাৰত উপলব্ধ হ’ব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments