Friday, November 8, 2024
Homeঅসমসাধাৰণ জনতাৰ মূৰত আকৌ ৰামটাঙোন

সাধাৰণ জনতাৰ মূৰত আকৌ ৰামটাঙোন

ডিজিটেল ডেস্ক, ANEWS24X7: জনতাৰ মূৰত ৰামটাঙোন শোধাই ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। চলিত মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি। ২৫ নৱেম্বৰতো সিদ্ধান্ত লৈছিল ৭৯ পইচাকৈ বিদ্যুতৰ মাচুল বৃদ্ধিৰ। বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল যদিও এতিয়া সংগোপনে প্ৰতি ইউনিটত বৃদ্ধি কৰিছে ৩০ পইচাকৈ।

৯ ডিচেম্বৰতে জাৰি হোৱা এই জাননী ৰাজহুৱা কৰা নাছিল বিভাগটোৱে অৰ্থাৎ গোপনে বৃদ্ধি কৰা হৈছে মাচুল।এপিডিচিএলে প্ৰকাশ কৰা এই জাননী অনুসৰি চলিত মাহৰ অৰ্থাৎ ডিচেম্বৰৰ পৰাই গ্ৰাহকে বৰ্ধিত মাচুল দিব লাগিব।

জাননীখনত উল্লেখ আছে যে, সাধাৰণ বিদ্যুৎ উপভোক্তাসকলৰ প্ৰতি সংবেদনশীল হোৱাৰ বাবে সকলো শ্ৰেণীৰ গ্ৰাহকক প্ৰতি ইউনিটত ৩০ পইচাত ইন্ধন আৰু শক্তি ক্ৰয় মূল্য সমন্বয় (এফপিপিএ) নৱেম্বৰ’২২ তাৰিখে ব্যৱহাৰ কৰা শক্তিৰ বৰ্ধিত মাচুল ডিচেম্বৰৰ ২০২২ মাহৰ পৰা আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

নিৰ্ধাৰিত ম্যাদৰ ভিতৰত ব্যৱহাৰৰ ঋতুগত তাৰতম্যৰ বাবে হ্ৰস্ব/অতিৰিক্ত পুনৰুদ্ধাৰ সম্পৰ্কে যিকোনো সাল-সলনি পৰৱৰ্তী সময়ছোৱাত মিলাই লোৱা হ’ব বা এ.ই.আৰ.চি.ৰ দ্বাৰা নিৰ্দেশিত হ’ব পাৰে, সেই প্ৰভাৱৰ বাবে আন অৰ্ডাৰৰ দ্বাৰা সলনি নকৰিলে সমন্বয় কাৰ্যকৰী হৈ থাকিব।এই জাননীখন বিভাগৰ মুখ্য মহাপ্ৰৱন্ধকে (বাণিজ্যিক আৰু শক্তি দক্ষতা) জাৰি কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments