ডিজিটেল ডেস্ক, ANEWS24X7: মে’ মাহৰ মাজভাগত অন্ত পৰিব কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ।১ মে’ৰ পৰা হাতী ছাফাৰী আৰু ১৬ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ ছাফাৰী।
মাৰ্চ মাহ পৰ্যন্ত তিনি লাখ চৈধ্য হাজাৰ পৰ্যটকৰ আগমনেৰে অভিলেখৰ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক জাননী যোগে সদৰি কৰিছে এই নিৰ্দেশনা৷
পৰ্যটকৰ সুবিধাৰ বাবে মে’ মাহৰ প্ৰথম পোন্ধৰ দিন জীপ ছাফাৰী অব্যাহত ৰখাৰ বিপৰীতে গৰমত ছাফাৰী কৰাতো হাতীৰ বাবে কষ্টকৰ হয়। সেইবাবে ১ মে’ৰ পৰা হাতী ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই।