Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়টুইটাৰৰ পৰা বহিস্কাৰ কৰা হ’ল ইলন মাস্কক!

টুইটাৰৰ পৰা বহিস্কাৰ কৰা হ’ল ইলন মাস্কক!

ডিজিটেল ডেস্ক, ANEWS24X7: বিশ্বৰ জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰৰ গৰাকী সলনি হোৱাৰ পিছতে ব্যাপক সলনি কৰা হৈছে টুইটাৰৰ নিয়ম ৷

টুইটাৰৰ নতুন গৰাকী এলন মাস্কে দ্বায়িত্ববাৰ গ্ৰহণ কৰাৰ পিছতে ইটোৰ পিছত সিটো নিয়ম সলনি কৰিছে ৷দ্বায়িত্বভাৰ গ্ৰহণ কৰিয়ে ইলন মাস্কে ঘোষণা কৰিছিল, ‘‘যদি কোনোবাই কোনো স্পষ্ট তথ্য অবিহনে পেৰোডিৰ বাবে তেওঁলোকৰ নাম সলনি কৰে, তেন্তে তেওঁলোকক টুইটাৰৰ পৰা স্থায়ীভাৱে বহিষ্কাৰ কৰা হ’ব।’’

ইয়াৰ পিছতে টুইটাৰে এনেধৰণৰ একাউন্ট সমূহ পৰিস্কাৰ কৰাৰ কাম আৰম্ভ কৰিছে ৷ ইয়াৰ মাজতে টুইটাৰৰ নতুন গৰাকী এলন মাস্কৰ নামৰ ব্যংগ কৰি কেইবাটাও টুইটাৰ খোলা হৈছিল ৷ বিশ্বৰ ধনাঢ্য ব্যক্তিগৰাকীয়ে এনে কৌতুকক সহজভাৱে ল’ব নোৱাৰিলে।যাৰ ফলক তেওঁৰ নামেৰে নাম সলনি কৰা একাউণ্টবোৰ বহিষ্কাৰ কৰে ।

টুইটাৰৰ ফালৰ পৰা সকিয়াই দিয়া হয় যে ভৱিষ্যতে এনে ভুল কৰিলে টুইটাৰৰ পৰা স্থায়ীভাৱে বহিস্কাৰ কৰা হ’ব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments