ডিজিটেল ডেস্ক, ANEWS24X7: শেহতীয়াকৈ সকলো বিশৃংখলতায়ে দেখা দিছে টুইটাৰত । প্ৰথমে কৰ্মচাৰী চাটাইৰ পৰা আৰম্ভ কৰি বহু কোটি টকীয়া টুইটাৰ ব্লু একাউণ্ট বিতৰ্ক আৰু এতিয়া এপলৰ সৈতে হোৱা অধ্যায়।
ইলন মাস্কে টুইটযোগে দাবী কৰিছে যে এপলে টুইটাৰত বিজ্ঞাপন “বেছিভাগেই”বন্ধ কৰি দিছে। তাৰোপৰি কুপাৰ্টিনো ভিত্তিক টেক ফাৰ্মখনে টুইটাৰক এপ ষ্ট’ৰৰ পৰা আঁতৰোৱাৰ “ভাবুকি” প্ৰদান কৰিছে।
টুইটযোগে ইলন মাস্কে কয় যে “এপলে টুইটাৰত বেছিভাগ বিজ্ঞাপনেই বন্ধ কৰি দিছে। আমেৰিকাত তেওঁলোকে মুক্তকণ্ঠক ঘৃণা কৰেনে?’।
মাস্কে তেওঁৰ অনুগামীসকলক সোধে যে তেওঁলোকে জানেনে যে এপলে তেওঁলোকৰ এপ ষ্ট’ৰৰ জৰিয়তে কিনা সকলো বস্তুৰ ওপৰত গোপনে ৩০% কৰ লয়। ‘সভ্যতাৰ ভৱিষ্যতৰ বাবে এইখন যুদ্ধ। যদি আমেৰিকাতো মুক্তকণ্ঠ হেৰাই যায়, তেন্তে অত্যাচাৰেই হ’ব।’- বুলি মাস্কে মন্তব্য কৰে।
ৰয়টাৰৰ মতে, মাস্কে টুইটাৰ অধিগ্ৰহণ সমাপ্ত কৰাৰ এসপ্তাহৰ আগত এপলে ১০ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত টুইটাৰ বিজ্ঞাপনত ১৩১,৬০০ ডলাৰ আৰু ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰৰ ভিতৰত ২২০,৮০০ ডলাৰ দিছিল ।বিগত সময়ত এপলে এপ ষ্ট’ৰত এপলৰ চাৰ্জ ৩০% কৰ্তনৰ বাবে আইনী যুঁজত জনপ্ৰিয় এপিক গেমছ বেটল ৰয়েল গেম ফৰ্টনাইটৰ নিৰ্মাতাৰ সৈতে যুঁজ দিছিল।
টুইটাৰৰ ৰাজহৰ ৯০% বিজ্ঞাপনৰ দ্বাৰা লাভ কৰে। আৰু যদি অধিক কোম্পানী আঁতৰি যায়, তেন্তে মাস্কৰ মালিকানাধীন টুইটাৰ কঠিন সময়ৰ সন্মুখীন হ’ব।