Monday, March 16, 2026
Homeঅসমমানুহ দেখিছো আজি বহুত মানুহ...

মানুহ দেখিছো আজি বহুত মানুহ…

ডিজিটেল ডেস্ক, ২১ডিচেম্বৰ: আজি পুৱাই হঠাতে আহিল অসম বাসীৰ বাবে বেয়া খবৰটো৷পুৱা ৭ মান বজাত গা ধুবলৈ গৈছিল আৰু বাথৰুমত অচেতন হৈ পৰি যায় গণশিল্পী সূৰ্য দাস ৷ইফালে লগে লগে পৰিয়ালৰ লোকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত শিল্পী গৰাকীক লৈ আনে যদিও চিকিৎসকে হৃদৰোগ জনিত কাৰণ মৃত্যু হয় বুলি জানিৱলৈ দিয়ে৷উল্লেখ যে শিল্পী গৰাকীৰ এনে এক অনাকাংক্ষিত মৃত্যুত পৰিয়ালবৰ্গ,মৰিগাঁও বাসীৰ লগতে সমগ্ৰ অসমে এতিয়া শোকত ম্ৰিয়মাণ হৈ পৰাৰ পৰিলক্ষিত হৈছে৷ইফালে শিল্পী গৰাকীৰৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰেই মৰিগাঁও জিলা আয়ুক্ত,জিলা আৰক্ষী অধীক্ষক কে ধৰি মৰিগাঁও জিলাৰ সমুহ জেষ্ঠ কনিষ্ঠ সাংবাদিক,জিলা ছাত্ৰ সংগঠন সমুহ কে ধৰি বহু সংখ্যক গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

কিছুদিন পুৰ্বে মৰিগাঁও ধৰমতুলত মৰিগাঁও প্ৰশাসনে তেওঁলৈ আগবঢ়াইছিল সাংস্কৃতিক প্ৰকল্পৰ বাবে প্ৰায় তিনি বিঘাকৈ ভূমি৷ উক্ত ভূমিত প্ৰকল্পৰ বাবে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ অস্থায়ী ভাৱে কিছুদিনৰ পৰা মৰিগাঁও ধৰমতুলতে বাহৰ পাতী আছিল শিল্পী গৰাকী৷ পিছে শিল্পী গৰাকীৰ সামান্য শাৰীৰিক অসুস্থতা আছিল যদিও দৈনন্দিন কাম কাজ নিয়মিত ভাৱেই কৰি আছিল৷
গণশিল্পী হিচাপে অভিধা লাভ কৰা সূৰ্য দাসে জীৱন কালত বহু বঁটা, সন্মানেৰে বিভূষিত হৈছিল। তেওঁ লাভ কৰিছিল অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা শিল্লী বঁটা, কৰম সিং জনমভূমি বঁটা, সুৰৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটা, সংগীত-প্ৰদীপ উপাধিৰ লগতে ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ বঁটাৰ দ্বাৰাও সন্মানিত হৈছিল।

তোৰোপৰি বিভিন্ন সময়ত তেওঁ অসমৰ বিভিন্ন ৰাজহুৱা সংস্থা, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানৰ দ্বাৰাও সন্মানিত হৈছিল।

”মানুহ দেখিছো আজি বহুত মানুহ” গীতৰ স্ৰষ্টা প্ৰখ্যাত শিল্পীগৰাকীৰ বলিষ্ঠ কণ্ঠৰ সামাজিক বাৰ্তাবাহক গীতবোৰে আশীৰ দশকত অসমৰ আকাশ-বতাহ কঁপাই তুলিছিল। সমাজ জীৱনত আজিও প্ৰাসংগিক হৈ আছে তেওঁৰ গীতবোৰ।

জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ সূৰ্য দাস আছিল অসম আৰু অসমীয়াক অন্তৰেৰে ভাল পোৱা এজন শিল্পী। গণশিল্পীগৰাকীৰ নিজৰ ভাষাত তেওঁ এগৰাকী ”বাটৰুৱা শিল্পী”। তেওঁ কৈ গৈছে- ”আমি বাটৰুৱা শিল্পী,আমি বাটৰুৱা শিল্পী, আমি টলৌগুটি শিল্পী নহয় । আমি মানুহৰ দুখ, সুখ গীতৰে প্ৰকাশ কৰো।”

জাতীয় জীৱনৰ সন্ধিক্ষণত তেওঁ সদায়েই সন্মুখত থিয় হৈছিল। কা আন্দোলনৰ সময়তো তেওঁ নীৰৱে থকা নাছিল। দুধনৈত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ “ৰাজেন পাম সোঁৱৰণি শিল্পী বঁটা” গ্ৰহণ কৰি জাতিটোক একত্ৰিত হ’বলৈ আহ্বান জনাইছিল।

তেওঁ, ”কৈছিল বিদেশীয়ে আমাক গ্ৰাস কৰিবলৈ লৈছে, বিদেশীয়ে এদিন খাই পেলাব। সকলো জাতি জনগোষ্ঠী মিলি থাকক, এক হৈ থাকক ৷”

গীত আৰু কথাৰে তেওঁ আজীৱন অসমীয়া প্ৰেমৰ চানেকি দাঙি ধৰি গৈছে। তেওঁৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। সংবাদ মাধ্যমত তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত বহুজনে তেওঁলৈ শ্ৰদ্ধা জনাই শোক প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments