ডিজিটেল ডেস্ক, A NEWS 24×7 : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খানক চিনি নাপাও বুলি কোৱাৰ পাছতে সামাজিক মাধ্যমত চৰ্চিত হৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু শ্বাহৰুখ খানৰ প্ৰসংগ।
তাৰ পাছতেই শ্বাহৰুখ খানে ফোন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয় যে, বলীউডৰ অভিনেতা শ্বাহৰুখ খানে ফোন কৰাত পুৱা ২ বজাত কথা পাতিলোঁ। তেওঁৰ ছবিখন প্ৰদৰ্শনৰ সময়ত গুৱাহাটীৰ এক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে। মই তেওঁক আশ্বস্ত কৰিলোঁ যে আইন আৰু শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য। আমি সোধা-পোছা কৰিম আৰু নিশ্চিত কৰিম যে এনে কোনো অশুভ কাণ্ড নহয় ৷
