ডিজিটেল ডেস্ক, ANEWS24X7: আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী সংৰক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি ৷ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে চৰকাৰী চাকৰিত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰা সন্দৰ্ভত ৰায় প্ৰদান কৰে ৷৫ জনীয়া বিচাৰপীঠৰ ৩ গৰাকী ন্যায়াধীশে EWS কোটাক সাংবিধানিক বুলি ৰায় প্ৰদান কৰে ৷
উচ্চতম ন্যায়ালয়ৰ সাংবিধানপীঠে ৪ঃ২ সংখ্যাগৰিষ্ঠতাৰে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰা ব্যৱস্থাক সাংবিধানিক আখ্যা দিয়ে৷ উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ সংবিধানৰ ১০৩ সংখ্যক সংশোধন অধিনিয়মৰ বৈধ্যতা বাহল ৰাখিছে ৷
উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সংবিধানপীঠত আছিল মুখ্য ন্যায়াধীশ ইউ ইউ ললিত , ন্যায়াধীশ ৰবীন্দ্ৰ ভাট ন্যায়াধীশ দীনেশ মাহেশ্বৰী, ন্যায়াধীশ বেলা ত্ৰিবেদী আৰু ন্যায়াধীশ জেবি পাৰদিৱালা ৷ ৫ গৰাকী ন্যায়াধীশৰ বিচাৰপীঠৰ ৩গৰাকী ক্ৰমে ন্যায়াধীশ দীনেশ মাহেশ্বৰী, ন্যায়াধীশ বেলা ত্ৰিবেদী আৰু ন্যায়াধীশ জেবি পাৰদিৱালাই EWS সংৰক্ষণৰ সমৰ্থনত ৰায় দিয়াৰ বিপৰীতে মুখ্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে EWS সংৰক্ষণত অসন্মতি প্ৰকাশ কৰে।