Sunday, July 6, 2025
Homeঅসমপুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে পৰীক্ষা,পৰীক্ষাৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট...

পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে পৰীক্ষা,পৰীক্ষাৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা

ডিজিটেল ডেস্ক ANEWS24X7: দেওবাৰে ৰাজ্যৰ ২৫ খন জিলাত অনুষ্ঠিত হৈছে চতুর্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা । প্ৰথম ভাগত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দ্বিতীয় ভাগত আবেলি ২ বজাৰ পৰা ৪ বজালৈ এই পৰীক্ষা অনুষ্ঠিত হ’ব । ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হোৱা জিলা কেইখনত ইন্টাৰনেট সেৱা পুৱাৰ ভাগৰ পৰা কৰ্তন কৰা হৈছে ।

পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়িতোলা হৈছে । জিলা প্ৰশাসনে পৰীক্ষা কেন্দ্ৰৰ ১০০ বৰ্গ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জাৰি কৰিছে ১৪৪ ধাৰা । উল্লেখ্য যে দেওবাৰে ৰাজ্যত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ৰাজ্যৰ ৪,৪৩,৬৫৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments