ডিজিটেল ডেস্ক, ANEWS24X7: সামান্থা ৰুথ প্ৰভুৰ ছবি ‘যশোদা’ই মুক্তি লাভ কৰা চাৰি দিনতে ২২ কোটি টকা উপাৰ্জন কৰিছে। অভিনেত্ৰীগৰাকীক তেলেগু থ্ৰিলাৰত তেওঁৰ সুন্দৰ অভিনয় আৰু একচনৰ বাবে প্ৰশংসা কৰা হৈছে।
সামান্থাই একচন দৃশ্যত অভিনয়ৰ বাবে কঠোৰ প্ৰস্তুতি কৰিব লগা হৈছিল। “মই প্ৰশিক্ষণ ল’ব লগা হৈছিল”। সামান্থাই এই ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ পিছতে ভাইৰেল হৈ পৰিল।
চলচ্চিত্ৰ প্ৰেমীসকলে সামান্থাক তেওঁৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমী মানসিকতাৰ বাবে প্ৰশংসা কৰিছে। সামান্থা কেইমাহমান আগতে মায়োচাইটিছত আক্ৰান্ত হৈছিল। তেওঁ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই। তেওঁ এই বিৰল ৰোগৰ সৈতে যুঁজি আছে।