ডিজিটেল ডেস্ক, ANEWS24X7: কৰ্ণাটক বিধানসভা নিৰ্বাচনক লৈ ৰঙিয়াত আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত কয় যে Exit পো’লে ভোট নিদিয়ে । ভোট দিয়ে ভোটাৰ ৰাইজে ।
পুৰ্বতে কেইবাখনো ৰাজ্যৰ নিৰ্বাচনত এগজেক পো’লে দিয়া ধাৰণা ভুল প্ৰমাণিত হৈ ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিছে । সেইবাবে আমি নিশ্চিত কৰ্ণাতকত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব । ৰাজ্যৰ সমষ্টি পুণৰ নিৰ্ধাৰণ সন্ধৰ্ভত সংবাদ মাধ্যমক বিজেপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে জানিবলৈ দি কয় যে সমষ্টি পুণৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিছৰাধিন হৈ আছে ।
বিষয়টোৰ সন্ধৰ্ভত বিজেপি দলে অপেক্ষা কৰিথকা বুলি সভাপতি কলিতাই উল্লেখ কৰে । আনহাতে বিজেপৰ সভাপতি গৰাকীয়ে বহু বিবাহ সম্পৰ্কে উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত সুন্দৰ পদক্ষেপ লোৱা বুলি কয় ।
লগতে বিজেপি দলত সকলো ঠিকেই আছে বুলি মন্তব্য কৰি কয় যে নলবাৰীৰ যুৱ মৰ্চাৰ সভাপতিক প্ৰমোচন দি ৰাজ্যিক সমিতিত স্থান দিয়া হৈছে ৷