Friday, March 13, 2026
Homeৰাজনৈতিকভাৰতৰ পৰা খেদি দিয়ক ৰাহুল গান্ধীক!

ভাৰতৰ পৰা খেদি দিয়ক ৰাহুল গান্ধীক!

ডিজিটেল ডেস্ক, ANEWS24X7: বুদ্ধিভ্ৰষ্ট হৈছে কংগ্ৰেছৰ, ভূপালৰ বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰে কৰিলে এই বিষ্ফোৰক মন্তব্য৷ বিদেশৰ মাটিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে ভাৰতক বদনাম কৰাৰ অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ৷ ইচ্ছা কৰিয়েই কংগ্ৰেছী সকলে সদনৰ কাম কাজ চলিব নিদিয়াৰ অভিযোগ সাংসদ গৰাকীৰ৷ ইমানতে ক্ষান্ত নাথাকি বিজেপিৰ সাংসদ গৰাকীয়ে আক্ৰমণৰ লক্ষ কৰি লয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা ৰাহুল গান্ধীৰ মাতৃ চোনিয়া গান্ধিকো৷

আচাৰ্য চাণক্যৰ উদ্ধৃতি দি বিজেপিৰ সাংসদ গৰাকীয়ে কয়, ‘‘ ৰাহুল গান্ধী বিদেশী মাতৃৰ সন্তান৷ চাণক্যই কৈ গৈছে যে বিদেশী মাতৃৰ ঔৰসজাত সন্তান কেতিয়াও দেশভক্ত হ’ব নোৱাৰে’’৷

ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তিৰ পাছত ৰাহুল গান্ধী অক্সফোৰ্ড বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰিবলৈ উৰা মাৰে৷ বিদেশভ্ৰমণৰ সময়চোৱাত ৰাহুল গান্ধীয়ে নিজ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধিন বিজেপি চৰকাৰখনক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ভাৰতত ক্ৰমাগতভাৱে গণতান্ত্ৰিক ব্যৱস্থাৰ অনুশীলনত বিজেপিয়ে ব্যাঘাট জন্মোৱাৰ অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে৷ এই ক্ষেত্ৰত ৰাহুল গান্ধীয়ে আমেৰিকা আৰু ইউৰোপীয় সংঘৰ হস্তক্ষেপ বিচৰাত সৃষ্টি হয় বিতৰ্কৰ৷ শাসকীয় বিজেপিয়ে ৰাহুল গান্ধীৰ ওপৰত বিদেশত ভাৰতক অপমানিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

ৰাহুল গান্ধীৰ মন্তব্যৰ পাছতেই আক্ৰমণাত্মক হৈ পৰিল গেৰুৱা শিবিৰ৷ বিজেপিৰ সাংসদ প্ৰজ্ঞা সিং ঠাকুৰে ৰাহুল গান্ধীক ভাৰতৰ পৰাই খেদাই দিয়াৰ পোষকতা কৰি ক্ষোভ উজাৰে৷

ৰাহুল গান্ধীৰ ওপৰত কৰা এই আক্ৰমণৰ প্ৰত্যুত্তৰ গ্ৰেণ্ড অ’ল্ড পাৰ্টিটোৱে কেনেদৰে দিয়ে পৰৱৰ্তী সময়ত সেয়া হ’ব লক্ষণীয়

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments