ডিজিটেল ডেস্ক, ANEWS24X7: তামিলনাডুৰ এটা ফটকা উদ্যোগত সংঘটিত বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হয়। আহত কেইবাজনো লোক। শনিবাৰে পুৱা কৃষ্ণগিৰিত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে কাৰখানাটোৰ এটা অংশ ভাঙি যায়। কেৱল সেয়াই নহয়, বিস্ফোৰণৰ ফলত কাৰখানাটোৰ সমীপৰ এখন হোটেলো ভাঙি পৰে। কাষৰ চাৰিটা ঘৰো আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় বাসিন্দাসকলে দাবী কৰে যে সেই হোটেল আৰু ঘৰত কেইবাজনো লোক আবদ্ধ হৈ আছে।
আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণত থিতাতে ৮ জন লোকৰ মৃত্যু হয়। উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ। ১২ জন লোকৰ অৱস্থা সংকটজনক। জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে। ক্ষতিগ্ৰস্ত হোটেল আৰু ঘৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।
কৃষ্ণগিৰিৰ জিলা দণ্ডাধীশে জনোৱা মতে, বিস্ফোৰণৰ তীব্ৰতাই হোটেলখন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। ধ্বংসাৱশেষৰ তলত কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা। কিন্তু উদ্ধাৰকাৰী দলটোৱে এতিয়াও স্পষ্ট কৰিব পৰা নাই কিমানজন লোক আবদ্ধ হৈ আছে। বিস্ফোৰণৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।