Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়অবৈধ ফটকা কাৰখানাত বিস্ফোৰণ

অবৈধ ফটকা কাৰখানাত বিস্ফোৰণ

ডিজিটেল ডেস্ক, ANEWS24X7 : উত্তৰ ২৪ পৰগনা জিলাৰ পশ্চিম বংগৰ দত্তপুকুৰত আজি ফটকা কাৰখানা বিস্ফোৰণত চাৰিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।পুৱা প্ৰায় ১০ বজাত সংঘটিত হোৱা এই বিস্ফোৰণৰ লগতে কাষৰ কেইবাটাও ঘৰৰ ক্ষতিসাধন হয়।

উদ্ধাৰ অভিযান এতিয়াও অব্যাহত থকাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।স্থানীয় ৰাইজে জনোৱা মতে, কেইবামাহো ধৰি অবৈধভাৱে কাৰখানাটো চলি আছিল। আৰক্ষী আৰু স্থানীয় ৰাজনীতিবিদৰ গোপন বুজাবুজিৰ অভিযোগ উস্থাপিত হৈছে।

ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষীৰ এটা বৃহত দলক মোতায়ন কৰি উদ্ধাৰ অভিযান অব্যাহতৰাখিছে।প্ৰশাসনে এতিয়াও আনুষ্ঠানিকভাৱে মৃত্যুৰ সংখ্যা প্ৰকাশ কৰা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments