ডিজিটেল ডেস্ক, ANEWS24X7: ৰাছিয়াৰ সামৰিক বাহিনীৰ বিমান ঘাটিত ভয়ংকৰ বিস্ফোৰণ । দুটা বিমান ঘাটিত সংঘটিত হৈছে বিস্ফোৰণ । বিস্ফোৰণটোত নিহত হৈছে তিনিজন লোক । আনহাতে আহত হৈছে আঠজন লোক । দক্ষিণ-পূৱ ৰিয়াজান চহৰৰ এয়াৰবেচৰ এটা তেলৰ টেংকাৰ বিস্ফোৰণ হয় ।
এই বিস্ফোৰণত তিনিজন লোক নিহত হোৱাৰ লগতে ছয়জন লোক আহত হৈছে । আনটো বিস্ফোৰণ ৰাছিয়াৰ সতৰৱ অঞ্চলৰ এয়াৰবেছত সংঘটিত হয় । এই বিস্ফোৰণত দুজন লোত আহত হৈছে । অৱশ্যে এই বিস্ফোৰণ দুটা কি কাৰণত সংঘটিত হ’ল সেই সন্দৰ্ভত ৰাছিয়া প্ৰশাসনে কোনো তথ্য সদৰী কৰা নাই ।
ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ তুংগত থকাৰ মাজতে ৰাছিয়াৰ সামৰিক বিমানঘাটিত সংঘটিত হোৱা এই বিস্ফৰণে বিশেষ তাৎপৰ্য বহন কৰিছে ।