ডিজিটেল ডেস্ক, ANEWS24X7: জখলাবন্ধা সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত আৰক্ষীৰ উপ পৰিদৰ্শক নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভাৰ কৰুণ মৃত্যু ।
জোনমনি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহিথকা তীব্ৰ বেগী UP 78 UT 4518 নম্বৰৰ কন্টেইনাৰ ট্ৰাকত নিশা প্ৰায় ১ বাজি ৩০ মিনিটত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতেই ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শক জোনমনিৰ ।
ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমনি ৰাভাৰ মৃতদেহ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায় । পুৱতি নিশাই ঘটনাস্থলীত নগাওঁ জিলা আৰক্ষী অধিক্ষক লীনা দলে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।
জোনমনি ৰাভাৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে । সম্প্ৰতি জোনমনি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত সৃষ্টি হৈছে ৰহস্য ।
‘মোক আৰু মা বুলি কোনে মাতিব?’ কন্যাৰ মৃত্যুত ভাগি পৰিছে মাতৃ, সতীৰ্থ আৰক্ষীয়েও টুকিছে চকুলো৷ নগাঁৱত জোনমণি ৰাভাক শ্ৰদ্ধাঞ্জলি অধীক্ষক লীনা দলে, অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰাৰল লগতে সতীৰ্থ আৰক্ষীৰ৷