Tuesday, July 8, 2025
Homeবাণিজ্যফেচবুকত ব্যাপক সাল-সলনি

ফেচবুকত ব্যাপক সাল-সলনি

ডিজিটেল ডেস্ক, ANEWS24X7: ফেচবুকৰ ব্যক্তিগত সম্পৰ্ক অংশত ব্যাপক সাল-সলনি ৷ ফেচবুকৰ প্ৰফাইলৰ পৰা ৰাজনৈতিক আৰু ধৰ্মীয় বিশ্বাসৰ বিকল্পবোৰ আঁতৰোৱা হৈছে ৷ ফেচবুকৰ ইন্টাৰেষ্ট ইন বিকল্পৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মেটাই ৷

অহা ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰি কৰা হ’ব এই সমূহ নতুন নিয়ম ৷ মেটাৰ নতুন ঘোষণা অনুসৰি এতিয়াৰে পৰা ফেচবুক প্ৰফাইলত দেখা পোৱা নাযাব ধৰ্মীয় আৰু ৰাজনৈতিক বিশ্বাসৰ বিকল্পসমূহ ৷ বিজনেছ ইনচাইডৰ বাতৰি অনুসৰি ১ ডিচেম্বৰৰ পৰা ‘ইন্টাৰেষ্ট ইন’, ‘ৰিলিজিয়াছ ভিউজ’ আৰু ‘পলিটিকেল ভিউজ’ৰ তথ্য ফেচবুকৰ প্ৰফাইলত দেখা পোৱা নাযাব ৷

এতিয়াৰে পৰা ফেচবুক ব্যৱহাৰকাৰী সকলে ইন্টাৰেষ্ট ইন শ্ৰেণীত ৰাজনৈতিক আৰু ধৰ্মীয় বিশ্বাসৰ দৰে ব্যক্তিগত তথ্য ভাগ বতৰা কৰাৰ সুযোগ নাপাব ৷ মেটাৰ মুখপাত্ৰ এমিল ভাস্কুৱেজে এই সন্দৰ্ভত কয় যে ,‘‘এই পৰিৱৰ্তনবোৰ ব্যৱহাৰকাৰী সকলৰ বাবে কাম কৰাটো সহজ কৰাৰ উদ্দেশ্যে কৰা হৈছে ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments