ডিজিটেল ডেস্ক, anews24x7: সোমবাৰে আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত ৰূপী প্ৰৱঞ্চকসহ দহজনীয়া দল। ব্যক্তিগত দেহৰক্ষী, লগত আন বিষয়া লৈ বিলাসী ৩ বাহনত ঘূৰি ফুৰা প্ৰৱঞ্চক অংকুৰ শইকীয়াই উল্লেখ কৰিলে কেতবোৰ বিসংগতিপূৰ্ণ তথ্য।
দেহৰক্ষী সহ তিনিখন বিলাসী বাহনৰে তেজপুৰৰ লগতে তেজপুৰৰ বিভিন্ন অঞ্চলত অকুৰ শইকীয়া নামৰ গোলাঘাটৰ যুৱক এজনে তিনিজনীয়া দেহৰক্ষীসহ মুঠ দহজন লোকক লগত লৈ নিজকে শোনিতপুৰৰ নতুন উপায়ুক্ত হিচাপে পৰিচয় দি ঘুৰি ফুৰাৰ সময়তে অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিৰিঞ্চি বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে তেজপুৰ মাজমজিয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।
মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জাল কৰি নিযুক্তি পত্ৰ লগত ৰাখিছিল এইজন ভুৱা উপায়ুক্তই । বৰ্তমান তেজপুৰ সদৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জিম্মাত লৈ সোধপোচ অব্যাহত ৰাখিছে । ভুৱা উপায়ুক্ত জনে ব্যৱহাৰ কৰা ইনভা গড়ী দুখন ক্ৰমে AS01 DU 9246 আৰু AS01BL 6581লগতে এখন নম্বৰপ্লেট বিহীন THAR গাড়ী উপায়ুক্তৰ Escort গাড়ী হিচাপে ব্যৱহাৰ কৰিছিল৷