ডিজিটেল ডেস্ক, ২৮ডিচেম্বৰ: পঞ্চভূতত বিলীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ নশ্বৰ দেহ, অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় দেশবাসীৰ, শেষকৃত্যত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অন্তিম যাত্ৰাত পুত্ৰৰ দৰে দেখা গ’ল ৰাহুল গান্ধীক।
অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনায়। ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ বিষয়াসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক প্ৰণাম জনায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শেষ ৰীতি-নীতি শিখ ৰীতি-নীতি অনুসৰি দিল্লীৰ নিগমবোধ ঘাটত কৰা হয়। এই সময়ত তেওঁৰ পত্নী আৰু কন্যাসকল উপস্থিত আছিল। নিগমবোধ ঘাটত উপস্থিত থাকে মনমোহনৰ পত্নী গুৰশৰণ কৌৰ, জ্যেষ্ঠ কন্যা উপিন্দৰ সিং, দ্বিতীয় কন্যা দমন সিং আৰু তৃতীয় কন্যা অমৃত সিং । প্ৰধানমন্ত্ৰী মোদীকো সাক্ষাৎ কৰে কন্যাই।
কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰাই আৰম্ভ হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ শেষ যাত্ৰা। শনিবাৰে পুৱা ৰাষ্ট্ৰীয় সন্মানেৰে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ বিষয়াসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ নশ্বৰ দেহ কংগ্ৰেছ মুখ্য কাৰ্যালয়লৈ আনিছিল।
বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে। আজি নতুন দিল্লীৰ নিগম বোধ ঘাটত তেওঁৰ শেষকৃত্য সম্পন্ন হয়। শেষ দৰ্শনৰ বাবে পুৱাৰ পৰা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত তেওঁৰ নশ্বৰ দেহ ৰখা হৈছিল। তাৰ পৰাই তেওঁৰ অন্তিম যাত্ৰা নিগম বোধ ঘাটলৈ ৰাওনা হয়। শেষ দৰ্শনৰ বাবে কংগ্ৰেছৰ কাৰ্যালয়ত যেতিয়া তেওঁৰ নশ্বৰ দেহ ৰখা হৈছিল, শ্ৰদ্ধাঞ্জলি যাচিবলৈ বিপুল জনসমাগম দেখা যায়