গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী, ২০২৪: দেশৰ বিভিন্ন শ্ৰমিক সংগঠন আৰু সংযুক্ত কিষান মৰ্চাই ১৬ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে কৃষক আৰু শ্ৰমিক সকলৰ অধিকাৰ আৰু ন্যায্য দাবীৰ সমৰ্থনত দেশজুৰি ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈ জনোৱা ‘গ্ৰামীণ ভাৰত বন্ধৰ’ আহ্বানলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে।
কৃষি কৰ্মৰ লগত জড়িত গ্ৰামীণ ভাৰতৰ , বিশেষকৈ অসমৰ কৃষি ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ আৰু বিকাশৰ পথ পৰিহাৰ কৰি গোটেই অসমজুৰি উন্নয়নৰ নামত কৃষি ভূমিৰ অপব্যৱহাৰ, পুঁজিপতিৰ স্বাৰ্থত কৃষি ভূমি হস্তান্তৰ আৰু শ্ৰেণী পৰিবৰ্তন কৰি গ্ৰামীণ অসমৰ সমগ্ৰ কৃষি ব্যৱস্থা আজি ভয়ংকৰ পৰিণতিৰ দিশে অগ্ৰসৰ হোৱাত চৰকাৰে উদগনি যোগাই আহিছে।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমবাসীক বৰ্তমান চৰকাৰৰ সকলো জন বিৰোধী, অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে জনমত গঠনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু গ্ৰামীণ অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে সকলো সদস্যই প্ৰস্তুত হৈ উঠিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজুৰাজ বৰপাত্ৰ গোঁহাই, ৰাতুল হুছেইন আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু বিতু সোনোৱাল এক বিবৃতি প্ৰকাশ কৰি কয় যে , বৰ্তমান অসমত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ‘বন্ধ’ পালন কৰিবলৈ সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাই যদিও কৃষক আৰু গ্ৰামীণ ভাৰতৰ স্বাৰ্থত দিয়া ‘দেশজুৰি ভাৰত বন্ধ’ৰ আহ্বানক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আদৰণি জনাইছে আৰু নৈতিক সমৰ্থন ব্যক্ত কৰিছে।