ডিজিটেল ডেস্ক, ANEWS24X7: দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত ভাৰতীয় ক্ৰিকেট দললৈ প্ৰত্যাৱৰ্তন ঘটিল বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ ৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব লগীয়া এদিনীয়া শৃংখলাৰ বাবে বি চি চি আইয়ে প্ৰত্যাৱৰ্তন কৰিলে বেগী বলাৰ যশপ্ৰীত বুমৰাহক ৷
আঘাতৰ ফলত বিগত কিছুদিন ধৰি দলৰ পৰা বাহিৰ হৈ আছিল বুমৰাহ ৷ ইয়াৰ ফলত টি-২০ বিশ্বকাপত আৰু ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিব পৰা নাছিল ৷
বৰ্তমান সুস্থ হৈ উঠিছে খেলুৱৈ গৰাকী ৷ চিকিৎসকে বৰ্তমান সুস্থ বুলি ঘোষণা কৰিছে ৷