হেমন্ত শৰ্মা, ৮ ফেব্ৰুৱাৰীঃ কেৰালাত দুগৰাকী কিশোৰী কন্যাক ধৰ্ষণ কৰাৰ অপৰাধত এজন পিতৃক ১৩৩ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে। ৪২ বছৰীয়া যুৱকজনক দুটা পৃথক গোচৰত কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। টাইমছ অৱ ইণ্ডিয়াৰ খবৰ অনুসৰি মঙলবাৰে মালাপ্পুৰমৰ মাঞ্জেৰী বিশেষ ফাষ্ট ট্ৰেক আদালতে ১৩ আৰু ১১ বছৰীয়া দুগৰাকী কন্যাক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ দুটা গোচৰত ১৩৩ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ৪২ বছৰীয়া এজন লোকক।
এটা গোচৰত ১২৩ বছৰৰ কাৰাদণ্ড আৰু আনটো গোচৰত ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। দুয়োটা কাৰাদণ্ড একেলগে চলিব। তদুপৰি বিশেষ ন্যায়াধীশ আশ্ৰাফ এ এমে অপৰাধীৰ বিৰুদ্ধে ৮ লাখ ৮০ হাজাৰ টকাৰ জৰিমনা বিহিছিল। একে সময়তে এই ধন সংগ্ৰহ কৰি ভুক্তভোগীক গতাই দিবলৈও নিৰ্দেশ দিয়ে। আনহাতে, আদালতে জিলা আইন সেৱা প্ৰাধিকৰণক এই ক্ষতিপূৰণ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ পূৰ্বে ২০২২ চনৰ ২৬ মাৰ্চত সংঘটিত হৈছিল এই অপৰাধ। ইয়াৰ পাছতে অভিযুক্তই তেওঁৰ সৰু কন্যাক যৌন নিৰ্যাতন চলায় আৰু ভুক্তভোগীয়ে মাতৃক এই বিষয়ে অৱগত কৰে। তেতিয়াই পোহৰলৈ আহিল এই চাঞ্চল্যকৰ ঘটনা। এই ঘটনা শুনি শিশুটিৰ মাতৃয়ে আতংকিত হৈ ডাঙৰ কন্যাৰ ক্ষেত্ৰতো একেই অৱস্থা হৈছে নেকি বুলি সোধা-পোছা কৰে। ডাঙৰ ছোৱালীজনীয়েও কয় যে মাক নথকাৰ সময়ত পিতৃয়ে কেইবাবাৰো যৌন নিৰ্যাতন চলাইছিল।