ডিজিটেল ডেস্ক, Anews24×7: কাৰাগাৰত চাঞ্চল্য ৷ কাৰাগাৰৰ ভিতৰতে এইচ আই ভিত আক্ৰান্ত হৈছে ১৪০ গৰাকী কয়দী ৷
উত্তৰ প্ৰদেশৰ দাসনা জিলা কাৰাগাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ কাৰাগাৰত স্বাস্থ্য পৰীক্ষাৰ পিছতে পোহৰলৈ আহে এই চাঞ্চল্যকৰ খবৰটো ৷ কয়দীসকলক এমএমজি জিলা চৰকাৰী চিকিৎসালয়ৰ এন্টিৰেট্ৰ’ভাইৰেল থেৰাপি চেন্টাৰত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল ৷
এই সন্দৰ্ভত কাৰাগাৰ বিষয়া গৰাকীয়ে কয় যে ,‘‘ কাৰাগাৰত বৰ্তমান প্ৰায় ৫,৫০০ গৰাকী কয়দী আছে ৷ ইয়াৰে ১৪০ গৰাকী কয়দীৰ শৰীৰত এইচ আই ভি ধৰা পৰিছে ৷ ইয়াৰ ওপৰিও ৩৫ গৰাকী কয়দী টিবি ৰোগত আক্ৰান্ত হৈ আছে ৷’’
কাৰাগাৰ বিষয়াগৰাকীয়ে লগতে কয় যে ,‘‘ ২০১৬ চনৰ পৰা বছৰি গড়ে প্ৰায় ১২০ ৰ পৰা ১৫০ জন কয়দীৰ শৰীৰত এইচ আই ভি ধৰা পৰিছে ৷