অৱশেষত ফাদিল হ’ল ৰহস্য। ত্ৰিকোণীয় প্ৰেমৰ বাবেই সংঘটিত হ’ল ৰাজা ৰঘুবংশীৰে ভয়ংকৰ কাণ্ড। ১৭ দিনে সন্ধানহীন সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশৰ গাজীপুৰত। পোহৰলৈ আহিছে সোনম ৰঘুবংশীৰ প্ৰেমিকৰ ছবি।
সোনম ৰঘুবংশীয়েই ৰাজা ৰঘুবংশীৰ সৈতে কৰা ভয়ংকৰ কাণ্ডৰ মূল অভিযুক্ত। সংবাদমেলত ঘোষণা পূব খাচি হিলছ জিলাৰ SPৰ। ৰাজা ৰঘুবংশী কাণ্ডক লৈ মেঘালয় আৰক্ষীৰ সংবাদমেল। SITএ এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে ৪ অভিযুক্তক, এজনক আটক। CCTVত দেখা তিনিওজনেই ভয়ংকৰ কাণ্ডৰ সৈতে অভিযুক্ত।
স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰা নাছিল সোনম ৰঘুবংশীয়ে। হানিমুনত থকা অৱস্থাত স্বামীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোনমে গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ সন্মুখত কৰিছে এই দাবী।আৰক্ষীৰ সূত্ৰ অনুসৰি সোনমে নিজকে নিৰ্দোষী বুলি দাবী কৰিছে। একেসময়তে তেওঁক মেঘালয়ত অপহৰণ কৰা বুলি দাবী কৰে।অপহৰণকাৰীয়ে তেওঁক মেঘালয়ত এৰি থৈ যায়। সোনমে বাৰে বাৰে দাবী কৰিছে যে তেওঁ হত্যাকাৰী নহয়, বৰঞ্চ এই ঘটনাৰ বলিহে হৈছে তেওঁ।সোনমে দাবী কৰে যে অপহৰণকাৰীয়ে মেঘালয়ত তেওঁক এৰি থৈ যোৱাৰ পাছত তেওঁ ঘৰলৈ ফোন কৰি তেওঁলোকৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
মেঘালয়ত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযোগ অনুসৰি প্ৰেমিকৰ সৈতে বিবাহ-বহিৰ্ভূত প্ৰেমৰ বাবেই হানিমুনত থকাৰ সময়তে সোনমে স্বামীক হত্যা কৰিছিল।সোনমৰ বাহিৰেও এই ঘটনাত ইতিমধ্যে তিনিজন ভাৰাতীয়া হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাত সোনমৰ ৰাজ কুশৱা নামৰ এজন প্ৰেমিকৰ নামো পোহৰলৈ আহিছে।
অৱশ্যে সোনমৰ পিতৃ দেৱী সিঙে তেওঁৰ কন্যাক নিৰ্দোষী বুলি দাবী কৰিছে। প্ৰকৃত সত্য উন্মোচন কৰিবলৈ চিবিআইৰ তদন্তৰ দাবী জনাইছে তেওঁ।
‘সোনমৰ ব্যৱহাৰ ইমানেই ভাল আছিল যে তাই এনেকুৱা কৰিব বুলি আমি ভবা নাছিলো’। ‘মই সোনমক নিজৰ ছোৱালীৰ দৰে ভাবিছিলো’। ‘সোনমে যদি এই কাণ্ড কৰিছে সোনমে শাস্তি পাব লাগে’। ‘মোৰ পুত্ৰই এই সন্দৰ্ভত একো গম নাপালে নহ’লে মোক জনালে হয়’। ৰাজা ৰঘুবংশীৰ মাতৃৰ ভাষ্য।
মেঘালয়ত ইংৰাজী, হিন্দী একোৱেই বুজি নাপাই বুলি ৰাজা ৰঘুবংশীৰ মাতৃক কৈছিল সোনমে। সোনৰ চেইন পিন্ধি যাবলৈ ৰাজাক কিয় কৈছিল সোনমে? ‘মেঘালয় ভ্ৰমণৰ সকলো পৰিকল্পনা সোনমেই কৰিছিল’।’সোনমে এনেকুৱা কৰিব বুলি সপোনতো ভবা নাছিলে’। কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্ট ৰাজা ৰঘুবংশীৰ মাতৃৰ।
আনহাতে, মৃত ৰাজা ৰঘুবংশীৰ পৰিয়ালেও সোনমৰ মুখৰ পৰা সকলো কথা শুনিবলৈ বিচাৰে বুলি কৈছে। কালি উত্তৰ প্ৰদেশৰ এখন ধাবাৰ পৰা সোনমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।