ডিজিটেল ডেস্ক A NEWS 24X7: গুৱাহাটী মহানগৰীৰ ভঙাগড়ত শনিবাৰে পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ভঙাগড়ৰ বিৰিয়ানী হাউচ নামৰ এখন দোকানখনত পুৱা প্ৰায় ১০.৩০ বজাত এই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ৷ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ মাইক্ৰ অভেনৰ পৰা অগ্নিৰ সূত্ৰপাত হয় ৷ কথামপি ৰক্ষা পৰিল নিকতৱৰ্তী ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ ৷
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ব্যৱসায়ীগৰাকীয়ে স্বতাধিকাৰীৰ পৰা কোনো অনুমতি নোলোৱাকৈ খাদ্য প্ৰস্তুত কৰি আহিছিল ৷ আনহাতে ব্যৱসায়ীৰ প্ৰতিষ্ঠান খনে অগ্নিনিৰ্বাপক বাহিনীৰ পৰা কোনো ধৰণৰ অনুমতি অবিহনে ব্যৱসায় চলাই আহিছিল ৷ এই অভিযোগ উত্থাপন কৰিছে দোকানখনৰ স্বতাধিকাৰী মুস্তাফা আলিয়ে ৷ এই সন্দৰ্ভত স্বতাধিকাৰী মুস্তাফা আলিয়ে ব্যৱসায়ী জনৰ বিৰুদ্ধে আইনিব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ সাংবাদিকক জানিব দিয়ে ৷