উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ প্ৰতিষ্ঠাপক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য আজি শিলচৰ শ্মশানঘাটত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়।
পুৱা প্ৰথমে তেওঁৰ নশ্বৰ দেহ শিলচৰ নতুন পট্টিস্থিত নিজ বাসভৱনলৈ অনা হয়। তাত ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত দেহ লৈ যোৱা হয় ইটখোলা দলীয় মুখ্য কাৰ্যালয়লৈ। দলীয় নেতা-কৰ্মীসকলে তাত শেষ শ্ৰদ্ধা জনায়।
তাৰ পাছত কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেহ অনা হয় জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰলৈ। খেলপথাৰত সমাজৰ সকলো স্তৰৰ লোকে প্ৰবীণ বিজেপি নেতাজনক শেষ শ্ৰদ্ধা নিবেদন কৰে।
গুৱাহাটী পৰা আহি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শৈকীয়াই শেষ শ্ৰদ্ধা জনায়। তদুপৰি উপস্থিত আছিল বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়, শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মল্লা, সাংসদ সুস্মিতা দেব, বিভিন্ন দলৰ বিধায়কসহ অগণিত গুণমুগ্ধ লোক।
জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰৰ পৰা এক বিশাল শোকযাত্ৰা উলিয়াই অম্বিকাপট্টিস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয় অতিক্ৰম কৰি কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেহ শিলচৰ শ্মশানঘাটলৈ লৈ যোৱা হয়।
শিলচৰ শ্মশানঘাটত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। মুখাগ্নি প্ৰদান কৰে তেওঁৰ পুত্ৰ, ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থই।
কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতিত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰিছে।
