Tuesday, July 8, 2025
Homeউত্তৰ-পূৱমেঘালয় চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক

মেঘালয় চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক

ডিজিটেল ডেস্ক, ANEWS24X7: মেঘালয় ডেমক্ৰেটিক এলায়েন্স ২.০ চৰকাৰৰ প্ৰথম খন কেবিনেট বৈঠকত বৃহস্পতিবাৰে মেঘালয় ৰেগুলেশ্যন অৱ গেমিং এক্ট, ২০২১ আনুষ্ঠানিকভাৱে বাতিল কৰাৰ বাবে এখন বিধেয়ক অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেবিনেট বৈঠকত সভাপতিত্ব কৰে৷ কেবিনেট বৈঠকত আকস্মিক পুঁজি বিধেয়ক ২০২৩ৰ সংশোধনীও অনুমোদন কৰে, যাৰ অধ্যাদেশত এই বছৰৰ আৰম্ভণিতে কেবিনেটে অনুমোদন জনাইছিল।

মুখ্যমন্ত্ৰীয়ে প্ৰথমখন কেবিনেট বৈঠকত সভাপতিত্ব কৰাৰ পিছত পিটিআইক কয়, “আমি এতিয়া দুয়োখন অধ্যাদেশ বিধেয়কৰ ৰূপত আনিছো, আগন্তুক বাজেট অধিৱেশনত দুয়োখন বিধেয়কৰ অনুমোদন জনোৱা হ’ব।”

মুখ্যমন্ত্ৰী চাংমায়ে কয় বাজেট অধিৱেশনৰ বাবে মেঘালয় বিধান সভা ২০ মাৰ্চত পুনৰ আৰম্ভ হ’ব। তেওঁ কয় যে কেবিনেটে তিনিজন মুখপাত্ৰ নিযুক্ত কৰিছে।

“মোৰ আৰু উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙৰ উপৰিও, কেবিনেটে মন্ত্ৰী আমপাৰিন লিংডো, মাৰ্কুইজ আৰু পল লিংডোক কেবিনেটৰ চৰকাৰী মুখপাত্ৰ হিচাপে ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে,” মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে উল্লেখ কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে জনাই যে ৰাজ্যপালৰ অনুমোদন লাভ কৰাৰ পিছত আজি সন্ধিয়াৰ ভিতৰত মন্ত্ৰীসকলক দপ্তৰ সমূহ আৱণ্টন কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments