ডিজিটেল ডেস্ক, ANEWS24X7: দেশৰ প্ৰতিৰক্ষা খণ্ডত নতুন ইতিহাসৰ সূচনা ৷ বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচীনত প্ৰথমবাৰ বাবে নিয়োগ কৰা হৈছে এগৰাকী মহিলা বিষয়াক ৷ ভাৰতীয় সেনাৰ ফায়াৰ এণ্ড ফাৰী কৰ্পছৰ কেপ্তেইন শিৱা চৌহানক নিযুক্তি প্ৰদান কৰা হৈছে ৷ চিয়াচীন যুদ্ধ বিদ্যালয়ত এমাহৰ কষ্টকৰ প্ৰশিক্ষণৰ অন্তত নিযুক্তি প্ৰদান কৰা হৈছে সেনা বিষয়া শিৱা চৌহানক ৷
মঙলবাৰে প্ৰশিক্ষণ অন্ত হোৱাৰ পিছতে চিয়াচীনত নিযুক্তি প্ৰদান কৰা হৈছে ৷কেপ্তেইন শিৱ চৌহান এগৰাকী বেংগল চেপাৰ। উদয়পুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি উদয়পুৰৰ এন জে আৰ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছিল চৌহানে। শিৱা চৌহানে চিয়াচীনত নিযুক্তি লাভ কৰি এক বিৰল কৃতিত্ব অৰ্জন কৰিছে ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২২ চনৰ জুলাই মাহত কাৰ্গিল বিজয় দিৱস উপলক্ষে অনুষ্ঠিত হোৱা চিয়াচেন যুদ্ধ স্মৃতিসৌধৰ পৰা কাৰ্গিল যুদ্ধ স্মৃতিসৌধলৈ ৫০৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ছুৰা ছয় চাইকেল অভিযানৰ সফলতাৰে নেতৃত্ব দি কেপ্তেইন শিৱা চৌহানে অনন্য এক কৃতিত্ব অৰ্জন কৰিছিল।
