Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়গাখীৰ বিক্ৰী কৰাৰ বাবে পাঁচবছৰ কাৰাদণ্ড

গাখীৰ বিক্ৰী কৰাৰ বাবে পাঁচবছৰ কাৰাদণ্ড

 

ডিজিটেল ডেস্ক, ANEWS24X7: গাখীৰ বিক্ৰী কৰি বিপদত ছিংগাপুৰৰ এজন ব্যক্তি ৷ উত্তৰ কোৰিয়াত ১০ লাখ ডলাৰৰ ষ্ট্ৰবেৰী ফ্লেভাৰযুক্ত গাখীৰ আৰু কফি বিক্ৰী কৰি জেললৈ যাবলগীয়া হৈছে ফুয়া চে হে নামৰ এজন ব্যক্তি ৷ সোমবাৰে ছিগাপুৰৰ এখন আদালতে ফুৱাক দোষী সাব্যস্ত কৰি পাঁচ সপ্তাহৰ বাবে কাৰাদণ্ড বিহিছে ৷

উল্লেখ্য যে ফুয়া চে হে হৈছে ছিংগাপুৰৰ শীতল পানীয় কোম্পানী পক্কা ইণ্টাৰনেশ্যনেলৰ প্ৰাক্তন মেনেজাৰ। উত্তৰ কোৰিয়াত পাৰমাণৱিক আৰু বেলিষ্টিক মিছাইল পৰীক্ষণ কৰাৰ বাবে ৰাষ্ট্ৰসংঘই নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ ইয়াৰ ফলত ছিংগাপুৰে ২০১৭ চনত উত্তৰ কোৰিয়াৰ সৈতে বন্ধ কৰি দিছিল বাণিজ্যিক সম্পৰ্ক ।

ফুৱাই পক্কা ইণ্টাৰনেশ্যনেলত কাম কৰাৰ সময়ত ২০১৭ চনৰ পৰা ২০১৮ চনৰ ভিতৰত কেইবাটাও কোম্পানীক ষ্ট্ৰবেৰীৰ সোৱাদযুক্ত গাখীৰ আৰু কফি বিক্ৰী কৰিছিল। এই সামগ্ৰীসমূহৰ গন্তব্যস্থান আছিল উত্তৰ কোৰিয়া। যাৰ বাবে ছিংগাপুৰৰ আদালতে এই শাস্তি প্ৰদান কৰিছে ফুৱাক ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments