ডিজিটেল ডেস্ক,৩১ আগষ্ট: ভদীয়া বানে লৈছে সংহাৰী ৰূপ ।বৰ্তমানেও অসমত বান পৰিস্থিতি শোচনীয় হৈ আছে । ৰাজ্যৰ ২২খন জিলাত প্ৰায় ৩.৪১ লাখ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে(Flood situation in Assam critical)।
এইবাৰ বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ১৫জন হোৱাৰ পিছতো অপৰিৱৰ্তিত হৈ আছে ।বৰ্তমান বৰপেটা, বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, আৰু উদালগুৰি জিলাত চলি আছে ভদীয়া বানৰ তাণ্ডৱ।কিন্তু মঙলবাৰলৈকে সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা হিচাপে পৰিগণিত হোৱা লখিমপুৰত জলপৃষ্ঠ হ্ৰাস পাইছে আৰু মুঠ জনসংখ্যা ৭১,৮৮৯ জন লোক আক্ৰান্ত হৈছে।
ক্ষতিগ্ৰস্ত জিলাসমূহৰ নিজ নিজ প্ৰশাসনে মুঠ ১৫৩টা সাহায্য শিবিৰ স্থাপন কৰিছে, য’ত ১৩০৮ জন লোকে আশ্ৰয় লৈছে। ইয়াৰ উপৰিও ১৫০ টা সাহায্য বিতৰণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে, বানাক্ৰান্তক সাহায্য সামগ্ৰী যোগান ধৰিছে।বৰ্তমান ৮১৮খন গাঁও বানপানীৰ তলত আছে, আৰু ২১,৬৪৪ হেক্টৰৰো অধিক শস্যৰ মাটি ক্ষতিগ্ৰস্ত হৈছে।
মাজুলী জিলাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে,আৰু বানপানীৰ কবলত ৬৫,০৩৫ জন লোক এতিয়াও অতিবাহিত কৰি আছে।দ্বিতীয় সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা গোলাঘাট, ৫৮,৪৩৯ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৰিগাঁও, য’ত ৪৪,১৮১ জন লোক ক্ষতিগ্ৰস্ত হৈছে।মুঠ ৩,০২,৯৩২টা পশুধন আৰু হাঁহ-কুকুৰাও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।কেইবাটাও পথ, কাঠৰ দলং, আৰু অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে, আৰু ক্ষতিগ্ৰস্ত জিলাসমূহত মথাউৰি ভাঙি যোৱা দেখিবলৈ পোৱা গৈছে।