ডিজিটেল ডেস্ক, ২ নৱেম্বৰ: ৰাজ্য বিধানসভাৰ নির্বাচনৰ পূর্বে ছত্তীশগড়ৰ ৰায়পুৰত উপস্থিত হয় বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা৷
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, “মোৰ হাতত থকা তথ্য অনুসৰি কংগ্ৰেছে সিদ্ধান্ত লৈছে যে ভূপেশ বাঘেলৰ নাম বেনাৰ-পোষ্টাৰৰ পৰা আঁতৰাই পেলাব লাগে। যোৱা ১০ দিনত এই কাম আৰম্ভ হৈছে। মই ২২ বছৰ কংগ্ৰেছত আছিলো, গতিকে… দলৰ আভ্যন্তৰীণ তথ্য পালো।নিৰ্বাচনৰ পিছত কংগ্ৰেছে বাঘেলক হয় তৎক্ষণাত বা ক্ৰমান্বয়ে নেতৃত্বৰ পদৰ পৰা অপসাৰণ কৰিব।”
তেওঁৰ ‘আকবৰ’ মন্তব্যৰ ওপৰত নিৰ্বাচন আয়োগৰ জাননীত বিজেপি নেতা & অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “মই আকবৰৰ কথা কওঁতে কংগ্ৰেছে মোৰ বিৰুদ্ধে অভিযোগ দিছিল। টি এছৰ বিৰুদ্ধে কিবা কথা কোৱা হ’লে অভিযোগ দাখিল কৰাটো যুক্তিসংগত হ’লহেঁতেন।” সিং দেও বা বাঘেল বা যিকোনো কংগ্ৰেছ নেতা। মই ভাবো, ছত্তীশগড় কংগ্ৰেছৰ বাবে ভূপেশ বাঘেলতকৈ আকবৰ বেছি গুৰুত্বপূৰ্ণ। আকবৰ আপোনাৰ (কংগ্ৰেছ)ৰ ইমান প্ৰিয় কিয়?।”