মেৰাপানী, সঞ্জয় পাওঁ: মেৰাপানী সীমান্তত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ। জব্দকৃত বিদেশী চিগাৰেট সমূহৰ মূল্য পঞ্চাশ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে। বৃহৎ ট্ৰাকখনৰ পৰা চি আৰ পি এফে তালাচী চলাই ১৩৪ কাৰ্টন চিগাৰেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
নাগালেণ্ডৰ ওখাৰ পৰা মেৰাপানী হৈ গোলাঘাটৰ ৰঙাজানলৈ বুলি NL 05 G1856 নম্বৰ এখন ট্ৰাক যোগে চিগাৰেট সমূহ কাৰ্টনত ভৰাই সৰবৰাহৰ চেষ্টা কৰোতেই চি আৰ পি এফে জব্দ কৰে। ঘটনাৰ সন্দৰ্ভত মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফে ট্ৰাকখনৰ চালক টুংচ’ লুথা নামৰ নগা ব্যক্তিক আটক কৰি মেৰাপানী আৰক্ষীক গতাই দিছে।
ইফালে জব্দ কৰা চিগাৰেট সমূহৰ মূল্য প্ৰায় পঞ্চাশ লাখ টকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, এই চিগাৰেট সমূহ ম্যানমাৰৰ পৰা মণিপুৰ হৈ নাগালেণ্ডত প্ৰৱেশ কৰি অসমৰ মাজেৰে অন্য স্থানলৈ সৰবৰাহৰ চেষ্টা চলাইছিল দুৰ্বৃত্তই। এই ঘটনাত এক বৃহৎ চক্ৰ জড়িত হৈ থকাৰ বুলি সন্দেহ কৰা হৈছে।