ডিজিটেল ডেস্ক, ANEWS24X7: গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপি দলৰ হৈ প্ৰচাৰ চলাইছে বিদেশী নাগৰিকে ৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে টিএমচিয়ে ৷ শেহতীয়াকৈ গুজৰাট বিধানসভা নিৰ্বাচনৰ বিজেপি দলৰ কিছু প্ৰচাৰৰ ছবি ৰাজ্যিক বিজেপিয়ে সমাজিক মাধ্যম টুইটাৰ যোগে প্ৰচাৰ কৰিছিল ৷ ছবি কেইখনত কেইজনমনা বিদেশী নগৰিক কেইজনে বিজেপিৰ নিৰ্বাচনী প্ৰতীক বহন কৰা মাফলা আৰু গেৰুৱা টুপী পিন্ধি থকা বুলি অভিযোগ কৰা হৈছে।
ইয়াৰ পিছতে টিএমচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাকেত গোখলেয়ে নিৰ্বাচন আয়োগলৈ এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই এক পত্ৰ প্ৰেৰণ কৰিছে ৷ টিএমচিয়ে এই ঘটনাক জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ আৰু ভিছা আইনৰ গুৰুতৰ উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷
উল্লেখ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত পশ্চিম বংগ টিএমচিয়ে বিদেশী নাগৰিকৰ সহায়ত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে ৷
বাংলাদেশী অভিনেতা ফিৰদৌছ আহমেদে তৃণমূলৰ হৈ প্ৰচাৰ চলাই থকাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় সক্ৰিয় হৈ আছিল। ফিৰদৌছে এখন জাননী প্ৰেৰণ কৰি দেশলৈ উভতি আহিবলৈ বাধ্য কৰোৱা হৈছিল।