ডিজিটেল ডেস্ক, ANEWS24X7: চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ মৃত্যু ৷ বুধবাৰে দিনৰ ১২.১৩ বজাত চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ ৷ একাধিক অংগ বিকল হোৱাৰ ফলত মৃত্যু হয় চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৷
জেমিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে চীন চৰকাৰে ৷ চীন চৰকাৰে এক বিবৃতিত কয় যে,‘‘ জেমিনক এজন উৎকৃষ্ট নেতা , অসামান্য মাৰ্ক্সবাসী , সমৰকলা বিশাৰদ , কূটনীতিবিদ আৰু দীৰ্ঘকালীন কমিউনিষ্ট যোদ্ধা ৷তেওঁৰ মৃত্যু চীনা কমিউনিষ্ট পাৰ্টি, সেনা আৰু সকলো সম্প্ৰদায়ৰ লোকৰ বাবে এক অপূৰণীয় ক্ষতি ৷”
উল্লেখ্য যে চীনক বাহিৰৰ পৃথিৱীৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাত জেমিনৰ বিশেষ কৃতিত্ব আছে । আমেৰিকাৰ সৈতে সম্পৰ্ক কৰ্তন কৰি সংস্কাৰবাদী পদক্ষেপত ‘সমাজতান্ত্ৰিক বজাৰ অৰ্থনীতি’ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল জিয়াং জেমিনে ।তেখেতৰ কাৰ্যকালতে চীন-ভাৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সৈতে উত্তেজনা হ্ৰাস কৰিবলৈ আৰু আস্থা বৃদ্ধিৰ লক্ষ্যৰে শৃংখলাবদ্ধ পদক্ষেপ লোৱাৰ বাবে এক দ্বিপাক্ষিক চুক্তিও স্বাক্ষৰিত হৈছিল।