ডিজিটেল ডেস্ক, ANEWS24X7: মঙলবাৰে মুম্বাইত অনুষ্ঠিত হোৱা বিচিচিআইৰ এজিএম বৈঠকত সৌৰভ গাংগুলীৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছে ৰজাৰ বিন্নী।
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰজাৰ বিন্নীক বিচিচিআইৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৩৬ তম সভাপতি হ’ব ৰজাৰ বিন্নী। বিনা প্ৰতিদ্বন্দিতাৰে শীৰ্ষ পদ লাভ কৰিছে ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ীজনে।
সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা বিচিচিআইৰ কাৰ্য্যালয়ৰ আন পদসমূহ হৈছে সচিব জয় শ্বাহ, আশীষ শ্বেলাৰ (কোষাধ্যক্ষ), ৰাজীৱ শুক্লা (উপ-সভাপতি) আৰু দেৱজিৎ শইকীয়া (যুটীয়া সচিব)। আনহাতে, বিদায়ী কোষাধ্যক্ষ অৰুণ ধুমল আই পি এলৰ নতুন অধ্যক্ষ হ’ব।
অৱশ্যে, বিচিচিআইয়ে আইচিচিৰ চকীৰ বাবে প্ৰাৰ্থী প্ৰদান কৰিব লাগে নে দ্বিতীয় কাৰ্যকালৰ বাবে বৰ্তমানৰ গ্ৰেগ বাৰ্কলীক সমৰ্থন কৰিব লাগে সেয়া বিবেচনা কৰিব।
আইচিচিৰ শীৰ্ষ পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২০ অক্টোবৰ। আনহাতে, আইচিচি ব’ৰ্ডৰ বৈঠক ১১-১৩ নৱেম্বৰৰ ভিতৰত মেলবৰ্ণত হ’ব।