ডিজিটেল ডেস্ক, ANEWS24X7: দুৰ্নীতি গোচৰ সন্দৰ্ভত প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক সোধ-পোছ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে ৷জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল মালিকৰ কাৰ্যকালৰ সময়ত দুটা প্ৰকল্পৰ কামত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল চিবিআইয়ে ৷প্ৰাক্তন ৰাজ্যপাল সত্যপাল মলিকক এজন সক্ষী হিচাপে সোধ-পোছ কৰিছে ৷
প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে এই সন্দৰ্ভত ২০২১ চনৰ অক্টোবৰ মাহত ৩০০ কোটি টকা উৎকোচৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৷উৎকোচৰ বিনিময়ত দুটা ফাইল পাচ কৰি দিবলৈ এজন আৰএছএছ নেতাই প্ৰস্তাৱ দিয়াৰ কথা উল্লেখ কৰিছিল ৷এই অভিযোগ সন্দৰ্ভত চিবিআইয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহত এক গোচৰ ৰুজু কৰিছিল ৷
চিবিআইয়ে কেলেংকাৰী সন্দৰ্ভত আইএএছ বিষয়া নবীন চৌধুৰীৰ বাসগৃহত তালাচী অভিযান চলায় ৷ কেলেংকাৰীৰ সময়ত আইএএছ বিষয়া নবীন চৌধুৰী চেনাব ভেলী পাৱাৰ প্ৰজেক্ট প্ৰাইভেট লিমিটেডৰ (চিভিপিপিএল) অধ্যক্ষ আছিল ৷ প্ৰকল্পটোৰ পৰিচালন সঞ্চালক এম এছ বাবু, পৰিচালক এম কে মিট্টাল আৰু অৰুণ মিশ্ৰৰ বাসগৃহতো চিবিআইয়ে তালাচী চলায় ।
চিবিআইয়ে গোচৰটোৰ অভিযুক্ত পেটেল ইঞ্জিনিয়াৰিং লিমিটেডৰ বিৰুদ্ধেও এটা গোচৰ ৰুজু কৰিছে। ইয়াৰ ওপৰিও শ্ৰীনগৰত অনিল আম্বানীৰ ৰিলায়েন্স জেনেৰেল ইঞ্চিউৰেন্স কোম্পানী আৰু ট্ৰিনিটি ৰিইঞ্চিউৰেন্স ব্ৰোকাৰ লিমিটেডৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি শ্ৰীনগৰত পৃথক এজাহাৰ দাখিল কৰা হৈছে।
এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে এক বিবৃতি দি কয় যে ,‘‘জম্মু-কাশ্মীৰ চৰকাৰৰ পৰামৰ্শ অনুসৰি দুটা পৃথক পৃথক গোচৰ ৰুজু কৰা হৈছে ৷জম্মু আৰু কাশ্মীৰ স্বাস্থ্যসেৱা বীমা আঁচনিকলৈ ২০১৭-১৮ বৰ্ষত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে হোৱা ৬০ কোটি টকাৰ চুক্তি সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। আনটো গোচৰ ২০১৯ চনত কিৰু জলবিদ্যুৎ প্ৰকল্পৰ বাবে এটা ব্যক্তিগত কোম্পানীৰ সৈতে ২,২০০ কোটি টকাৰ চুক্তিত দুৰ্নীতি সন্দৰ্ভত ।’’