ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ দেহাৱসান । দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাজ্যৰ প্ৰবীণ ৰাজনৈতিক নেতাজনৰ মৃত্যু হয় । আজি দিনৰ প্ৰায় ১২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে । ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।
১৯৯৬ চনৰ পৰা ২০২১ চনলৈ লাহৰিঘাট সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে পাঁচবাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল । ২০০২ চনৰ পৰা ২০১৬ চনলৈ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
জ্যেষ্ঠ কংগ্ৰেছী নেতাজনৰ মৃত্যু কংগ্ৰেছৰ দললৈ বৃহৎ ক্ষতি । প্ৰবীণ ৰাজনীতিবিদ জনৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ লগতে অজস্ৰ গুণমুগ্ধই শোক প্ৰকাশ কৰিছে । দেওবাৰে নগাঁৱত শেষকৃত সম্পন্ন কৰা হ’ব প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ।