ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত ভয়ংকৰ আক্ৰমণ ৷ বৃহস্পতিবাৰে এক ৰেলীৰ সময়ত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদত এক ৰেলীৰ সময়ত বন্দুকধাৰী দুৰ্বিত্তয় আক্ৰমণৰ লক্ষ্য কৰি লয় ইমৰাণ খানক ৷
বন্দুকধাৰী দুৰ্বিত্তয় ইমাৰাণ খানলৈ লক্ষ্য কৰি একে-৪৭ ৰাইফলেৰে গুলীবৰ্ষণ কৰে ৷ আততায়ীৰ গুলীত গুৰুতৰ ভাবে আহত হয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান ৷ পাকিস্তানৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই গুলীচালনাৰ ঘটনাৰ ফলত ইমৰাণ খানৰ এজন সমৰ্থক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে ৷
এই গুলীচালনাৰ ঘটনাটোৰ লগত দুজন ব্যক্তি জৰিত থকাৰ কথা সন্দেহ প্ৰকাশ কৰিছে ৷ ইয়াৰে এজনক পাকিস্তান আৰক্ষীয়ে হত্যা কৰিছে ৷ বৰ্তামান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ইমৰান খান ৷