Tuesday, July 8, 2025
Homeৰাজনৈতিকগেৰুৱা বহন পিন্ধিব পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে

গেৰুৱা বহন পিন্ধিব পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে

ডিজিটেল ডেস্ক, ANEWS24X7: বিজেপিত যোগদান কৰিব পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰেন্দ সিঙে ৷ সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত অনুষ্ঠানিকবাৱে বিজেপিত যোগদান কৰিব অমৰিন্দৰ সিঙে ৷ লগতে আমৰেন্দ্ৰৰ সিঙৰ ‘‘পঞ্জাৱ লোক কংগ্ৰেছ’’ দলো চামিল কৰা হ’ব বিজেপি দলত ৷ শুক্ৰবাৰে বিজেপিৰ এক সূত্ৰয় সদৰি কৰে এই কথা ৷ ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছে পঞ্জাৱৰ প্ৰক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ৷

পঞ্জাৱ কংগ্ৰেছত অন্তঃকণ্ডলৰ ফলত কংগ্ৰেছ শীৰ্ষ নেতৃত্বই বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অমৰেন্দ্ৰ সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিছিল ৷ ইয়াৰ পিছতে নৱেম্বৰ মাহত কংগ্ৰেছ দল ত্যাগ কৰিছিল সিঙে ৷ পৰবৰ্তী সময়ত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ‘‘পঞ্জাৱ লোক কংগ্ৰেছ’’ নামৰ এটা ৰাজনৈতিক দল গঠন কৰিছিল আৰু নিৰ্বাচনত বিজেপি দলৰ সৈতে মিত্ৰত কৰিছিল ৷ কিন্তু দলটোৱে বিগত নিৰ্বাচানত বিশেষ সফলতা অৰ্জন কৰিব নোৱাৰিলে ৷ আনকি নিজৰ আসনখনো হেৰুৱাব লগিয়া হৈছিল ৷

 

উল্লেখ্য যে পঞ্জাৱৰ প্ৰক্তন মুখ্যমন্ত্ৰী অমৰিন্দ্ৰ সিঙৰ দীঘলিয়া ৰাজনৈতিক জীৱনত দল ত্যাগ কৰা ঘটনা এইয়াই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও ১৯৮০ দশকত ইন্দিৰা গান্ধীয়ে স্বৰ্ণ মন্দিৰত অভিযান চলোৱাৰ সিদ্ধান্ত লোৱাৰ বিৰোধিতা কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল আৰু শিৰোমণি আকালি দলত যোগদান কৰিছিল ৷ পৰবৰ্তী সময়ত পুনৰ কংগ্ৰেছ দললৈ উভতি আহিছিল অমৰিন্দৰ সিঙে ৷ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে পঞ্জাৱৰ কংগ্ৰেছ দলৰ নেতা সকলক বিজেপি দললৈ আনিবৰ বাবে লক্ষ্য কৰি লৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments