Saturday, July 5, 2025
Homeঅসমঅসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° অমল ৰাজখোৱা আৰু নাই

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° অমল ৰাজখোৱা আৰু নাই

ডিজিটেল ডেস্ক, ANEWS24X7:অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পদক ড° অমল ৰাজখোৱাৰ দেহাৱসান ৷ JMCHত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ড° অমল ৰাজখোৱাই ৷ ৮১ বছৰ বয়সত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’ব লগা হয় বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷ ৰাজখোৱাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সাহিত্যৰ জগতত ৷

১৯৫৮ চনৰ পৰা অসম সাহিত্য সভাৰে জড়িত হৈ ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তিনিটা কাৰ্যকালৰ বাবে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ গুৰু দ্বায়িত্ব পালন কৰিছিল ড° ৰাজখোৱাই৷’আদৰ্শ জীৱন সাৰথি’, ‘বিশ্ব উপন্যাসৰ কথা আৰু কাহিনী’,’আধুনিক অসমীয়া ব্যাকৰণ আৰু ৰচনা’কে আদি কৰি ৩০ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছিল ৷

তেওঁৰ সাহিত্যচৰ্চা তথা সাংগঠনিক দক্ষতাৰ বাবে অসম সাহিত্য সভাই ‘সাহিত্যপ্ৰাণ’, ‘নেহৰু পুৰস্কাৰ’, ‘বৰাক বন্ধু সন্মান’ সন্মান প্ৰদান কৰিছিল ৷ ইয়াৰ ওপৰিও ২০০৪ চনত ৰাজ্য চৰকাৰে সাহিত্যিক পেঞ্চনো প্ৰদান কৰিছিল ৷ সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে শেহতীয়াকৈ তেওঁক ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২১’ আগবঢ়োৱা হৈছিল৷

উল্লেখ্য যে ১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা ড° অমল ৰাজখোৱাই কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ ইয়াৰ পিছত ড° অমল ৰাজখোৱাৰ “অসমীয়া উপন্যাসত সামাজিক আৰু ৰাজনৈতিক চেতনা : এক সমীক্ষাত্মক অধ্যয়ন” শীৰ্ষক বিষয়ত গৱেষণা বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পি.এইচ.ডি প্ৰদান কৰিছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments