Friday, November 8, 2024
Homeৰাজনৈতিকউত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱ আৰু নাই

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱ আৰু নাই

ডিজিটেল ডেস্ক, ANEWS24x7: উত্তৰ প্ৰদেশৰ প্ৰক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা মুলায়ম সিং যাদৱ আৰু নাই ৷ দীৰ্ঘদিনৰ অসুস্থত হৈ আছিল প্ৰবীণ ৰাজনীতিবিদজন ৷ সোমবাৰে ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

শাৰীৰিক অসুস্থতাৰ বাবে ২ অক্টোবৰৰ পৰা গুৰুগ্ৰামৰ মেদন্ত চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছিল ৷ প্ৰথম অৱস্থাত মুলায়ম সিং যাদৱৰ শৰীৰৰ অৱস্থা কিছু সুস্থিৰ হৈছিল যদিও দেওবাৰে নিশা হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিছিল ৷ অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ ৰাজনীতিবিদজনে ৷ সোমবাৰে পুৱা মুলায়ম সিঙ যাদৱৰ পুত্ৰ তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে পিতৃৰ বিয়োগৰ খবৰ সংবাদ মাধ্যমৰ অগত অৱগত কৰে ৷

উল্লেখ্য যে , উত্তৰ প্ৰদেশৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল মুলায়ম সিঙ যাদৱ ৷ ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ , ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈ আৰু ২০০৩ চনৰ পৰা ২০০৭ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাস কৰিছিল ৷ ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ কেন্দ্ৰৰ দেৱগৌড়া চৰকাৰত প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বায়িত্বত আছিল মুলায়ম সিঙ যাদৱ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments