আজি তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ পদুমপথাৰত সতী সাধনী দিৱস পালন কৰা হয়।চুতীয়া জনগোষ্ঠীৰ প্ৰথম ৰজাৰ নামত সমন্ময় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰি দিনযোৰা কাৰ্যসূৰীৰে পালন কৰা হয় সতী সাধনী দিৱস। তিনিচুকীয়া জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা ঘোষনা কৰা ৰাজীৱ শদিয়া বঁটা প্ৰদান কৰে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক।
এই বঁটাত মান পত্ৰ এখন কাঁৰফাই এখন শৰাই আৰু নগদ ত্ৰিছ হাজাৰ টকা। এই বঁটা ৰাজীৱ শদিয়াৰ পত্নী উপাশনা বকলীয়ালৰ হাতেৰে আজি ৰাজীৱ শদিয়াৰ প্ৰদান কৰা সময়ছোৱা আছিল অতি বেদনাদায়ক। উল্লেখ্য যে ৰাজীৱ শদিয়াই ফিল’বাৰী ৰসবাৰী পৰ্যটন মেলাত জীৱনৰ শেষ বাৰৰ বাবে গোৱা গীত —-দিচাংমূখৰ একা বেঁকা বাট শীৰ্ষক গীতটো ৰাজীৱ শদিয়াৰ পৰিয়ালক সমৰ্পন কৰি উৎসগা কৰে।
তিনিচুকীয়া চুতীয়া যুৱ সন্মিলনীয়ে ৰাজীৱ শদিয়া পৰিয়ালক কথা দিয়া অনুসৰি মান পত্ৰসহ পঞ্চলিছ হাজাৰ এটকা প্ৰদান কৰে। এই দিনযোৰা কাৰ্যসূচীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি সমীৰণ বৰা, তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা ৰহিম শইকীয়া, জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি নয়ন জ্যোতি বৰশইকীয়া, সম্পাদক গঙ্গাধৰ শইকীয়া আৰু চুতীয়া যুৱ সন্মিলন, তিনিচুকীয়া জিলাৰ উপদেষ্টা শশাংক শইকীয়া উপস্থিত আছিল।