Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়হত্যাৰ গোচৰত তামিলনাডুত গ্ৰেপ্তাৰ অসমৰ চাৰিজন শ্ৰমিক

হত্যাৰ গোচৰত তামিলনাডুত গ্ৰেপ্তাৰ অসমৰ চাৰিজন শ্ৰমিক

ডিজিটেল ডেস্ক, ANEWS24X7: হত্যাৰ গোচৰত তামিলনাডুত গ্ৰেপ্তাৰ অসমৰ চাৰিজন প্ৰৱজনকাৰী শ্ৰমিক ৷ তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ মানিকান্দম অঞ্চলৰ এজন ৩৩ বছৰীয়া ব্যক্তিৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে অসমৰ শ্ৰমিক কেইজনক ৷

শনিবাৰে ত্ৰিচীৰ মানিকান্দম অঞ্চলৰ এটা কাঠৰ মিলত এডাল গছত বান্ধি থোৱা অৱস্থাত বলি কে চক্ৰৱৰ্তী নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কাঠৰ মিলটোৰ চাৰিজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৰ্মচাৰী কেইজন হ’ল ফৈজাল হক , এ ৰছিদুল ৰহমান , এম ছোচিদুল শ্বেইক আৰু ৱাই মুচিফুল হক ৷ ধৃত আটাইকেইজনৰ ঘৰ অসমত ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে,‘‘কাঠৰ মিলটো সঞ্জীৱী নগৰৰ পি দিৰেণ্ডাৰে চলাই আছিল । শুকুৰবাৰে সন্ধিয়া বলি কে চক্ৰৱতীয়ে মিললৈ গৈছিল আৰু দিৰেণ্ডাৰৰ মোবাইল ফোন চুৰি কৰাৰ অভিযোগ উঠিছিল ৷ শ্ৰমিক সকলে চক্ৰৱৰ্তীক গোটেই ৰাতি গছত বান্ধি থৈছিল ৷ শনিবাৰে পুৱা মৃত অৱস্থাত প্ৰত্যক্ষ কৰে চক্ৰৱৰ্তীক ৷’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments