ডিজিটেল ডেস্ক, ১৪ মে’: বিগত সপ্তাহ কেইটাত বোমাৰ প্ৰৱঞ্চনাৰ ধাৰাবাহিকতা প্ৰকাশ পাইছে – যি সময়ত চলি থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা অধিক তীব্ৰতৰ কৰা হৈছে।
ৰাষ্ট্ৰীয় ৰাজধানীৰ লগতে অন্যান্য ডাঙৰ চহৰৰ কেইবাখনো বিদ্যালয়ে বোমা বিস্ফোৰণৰ বাতৰি প্ৰকাশ কৰাৰ কেইসপ্তাহমানৰ পাছত আজি পুৱা দিল্লীৰ কমেও চাৰিখন চিকিৎসালয়ে বোমাৰ ভাবুকিৰ ইমেইল লাভ কৰে। দিল্লীৰ একাংশ চিকিৎসালয়তো দুদিন পূৰ্বে একেধৰণৰ ভাবুকি ইমেইল আহিছিল।
আজি পুৱা দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি জিটিবি হাস্পতালৰ সমীপৰ দিল্লী ষ্টেট কেন্সাৰ ইনষ্টিটিউট, ডাবৰিৰ দাদা দেৱ হাস্পতাল, হেজৱাৰ হাস্পতাল, আৰু দীপ চান্দ বন্ধু হাস্পতাললৈ বোমাৰ ভাবুকিৰ ফোন আহিছে।
চিকিৎসালয় চৌহদত বোমা স্কোয়াড আৰু স্নিফাৰ ডগ সকলে তালাচী চলাই আছে। অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন আৰু এম্বুলেন্সো ষ্টেণ্ডবাইত।
হেডগেৱাৰ চিকিৎসালয়ৰ নিৰাপত্তা বিষয়া ভি কে শৰ্মাই কয় যে, “আৰক্ষী আৰু বোমা নিষ্কাশন দলে এই পৰীক্ষা চলাই আছে। আমিও দুবাৰকৈ পৰীক্ষা কৰিছো। এতিয়ালৈকে কোনো সন্দেহজনক একো পোৱা নাই।”
বিগত সপ্তাহকেইটাত বোমাৰ প্ৰৱঞ্চনাৰ ধাৰাবাহিকতা প্ৰকাশ পাইছে – যি সময়ত চলি থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে নিৰাপত্তা অধিক তীব্ৰতৰ হৈ পৰিছে
দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ প্ৰায় ১০০খন বিদ্যালয়ে ১ মে’ত প্ৰৱঞ্চনা বোমাৰ ইমেইল লাভ কৰাৰ ফলত বিদ্যালয় প্ৰশাসন আৰু অভিভাৱকৰ মাজত আতংকৰ সৃষ্টি হয়।
৬ মে’ত আহমেদাবাদৰ ৭খন বিদ্যালয়ে ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰিছিল। সূত্ৰই জনোৱা মতে, ৰাছিয়াৰ আই পি ঠিকনা থকা চাৰ্ভাৰৰ পৰা প্ৰেৰণ কৰা হৈছে এই ইমেইলসমূহ। বোমা নিষ্কাশন দলৰ তালাচীৰ সময়ত কোনো সন্দেহজনক সামগ্ৰী পোৱা নগ’ল।
দেওবাৰে দিল্লী বিমানবন্দৰ আৰু মহানগৰীৰ ডাঙৰ ডাঙৰ চিকিৎসালয়কে ধৰি আন কেইবাটাও ঠিকনাত একেধৰণৰ বোমা ভাবুকিৰ ইমেইল লাভ কৰা হয়। পিছত এই ভাবুকিসমূহ ভুৱা বুলি ধৰা পৰে।
কালি জয়পুৰৰ চাৰিখন বিদ্যালয়ে ইমেইলযোগে বোমাৰ ভাবুকি লাভ কৰিছে। লগে লগে শিশুকেইটাক ঘৰলৈ পঠিয়াই দিয়া হয় আৰু বোমা স্কোয়াড আৰু স্নিফাৰ ডগ মোতায়েন কৰা হয়।