Tuesday, July 8, 2025
Homeঅসমৰাজ্যত গঠন হ'ল পুনৰ ৪খন নতুন জিলা

ৰাজ্যত গঠন হ’ল পুনৰ ৪খন নতুন জিলা

ডিজিটেল ডেস্ক, anews24x7: শুক্ৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ডO হিমন্ত হিশ্ব শৰ্মাই এক সংবাদমেল যোগে ৰাজ্যৰ কেবিনেটে অসমত চাৰিখনকৈ নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা কথা ঘোষণা কৰে ।অসমত সৃষ্টি হোৱা নতুন চাৰিখন জিলা ক্ৰমে- হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী।

হোজাই জিলাই লামডিং, হোজাই আৰু বিনাকান্দি বিধানসভা সমষ্টিক সামৰি লৈছে।বিশ্বনাথ জিলাত বিহালী, বিশ্বনাথ আৰু গহপুৰ বিধান সভা সমষ্টি ।তামুলপুৰ জিলাত তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰা হৈছে।বজালী জিলাত বজালী আৰু ভৱানীপুৰ-সোৰভোগ বিধান সভা সমষ্টি অন্তভুক্ত কৰা হৈছে।

ইয়াৰ পূৰ্বে অসম চৰকাৰে, যোৱা বছৰৰ ডিচেম্বৰ মাহত, ৰাজ্যখনত সীমা নিৰ্ধাৰণৰ কচৰৎ আৰম্ভ হোৱাৰ ঠিক আগতে, চাৰিখন জিলাক আন চাৰিখন জিলাৰ সৈতে একত্ৰিত কৰি কেইখনমান গাঁৱৰ প্ৰশাসনিক অধিকাৰক্ষেত্ৰ সলনি কৰিছিল।আনহাতে, বিশ্বনাথ জিলা শোণিতপুৰৰ সৈতে, হোজাইক নগাঁৱৰ সৈতে, বজালীক বৰপেটাৰ সৈতে আৰু তামুলপুৰক বাকছাৰ সৈতে একত্ৰিত কৰা হয়

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments