Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়গণভোট সম্পন্ন ৰাছিয়াত সংযুক্ত কৰা হ’ব ইউক্ৰেইনৰ চাৰিটা অঞ্চল

গণভোট সম্পন্ন ৰাছিয়াত সংযুক্ত কৰা হ’ব ইউক্ৰেইনৰ চাৰিটা অঞ্চল

ডিজিটেল ডেস্ক, ANEWS24X7: ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ চলি থকাৰ মাজতে গণভোটৰ আয়োজন কৰিছে ৰাছিয়াই৷গণভোটৰ অন্তত শুক্ৰবাৰে ইউক্ৰেইনৰ পৰা দখল কৰা চাৰিটা অঞ্চল ৰাছিয়াত সংযুক্ত কৰা হ’ব৷ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শুকুৰবাৰে চাৰিটা অঞ্চল সংযুক্ত কৰিবলৈ এক স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব।ৰাছিয়াই দাবী কৰা অনুসৰি গণভোটত বেছিভাগ ভোট ৰাছিয়াত সংযুক্ত হোৱাৰ পক্ষত পৰিছে ৷

ৰাছিয়াৰ দ্বাৰা নিযুক্ত লুহানস্ক প্ৰশাসনে দাবী কৰা অনুসৰি লুহানস্কৰ ৯৮.৪ শতাংশ বাসিন্দাই ৰাছিয়াত যোগদান কৰাত সমৰ্থন কৰিছে।জাপোৰিজিয়াৰ ৯৩.১ শতাংশ ভোট ৰাছিয়াৰ সমৰ্থন কৰিছে ,খেৰচনত ৮৭ শতাংশ ভোট লাভ কৰিছে ৰাছিয়াই আনহাতে ডনেটস্কত ৯৯.২ শতাংশ লোকে ৰাছিয়াৰ পক্ষত ভোট দিছে।

গণভোটৰ ফলাফলৰ বাতৰি ৰাজহুৱা হোৱাৰ লগে লগে ইউক্ৰেনে প্ৰতিবাদ কৰিছে।আমেৰিকা আৰু ইউৰোপেও এই গণভোট মানি নলয় বুলি ঘোষণা কৰিছে । আনহাতে ৰাছিয়াই ইউক্ৰেইনৰ পৰা দখল কৰা চাৰিটা অঞ্চলত গণভোট আয়োজন কৰা বিৰোধীতা কৰি ৰাষ্ট্ৰসংঘৰ নিৰপত্তা পৰিষদত আজি এক গৰিহণা প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব ৷

উল্লেখ্য যে বুধবাৰে ডনেটস্ক, লুহানস্ক, খেৰচন আৰু জাপোৰিজিয়া অঞ্চলত গণভোট সমাপ্ত হৈছিল৷ইয়াৰ পূৰ্বেও ৰাছিয়াই ক্ৰিমিয়া দখল কৰি গণভোটৰ আয়োজন কৰিছিল আৰু গণভোটৰ অন্তত ক্ৰিমিয়াক ৰাছিয়ত সংযোগ কৰা হৈছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments