Monday, July 7, 2025
Homeঅসমসংহাৰী বানত উটি গ’ল চাৰিচকীয়া বাহন

সংহাৰী বানত উটি গ’ল চাৰিচকীয়া বাহন

ডিজিটেল ডেস্ক, anews24x7:  বানপানীৰ কৱলত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী চক্ৰভৌম আৰু হাপাচৰা গাও পঞ্চায়তৰ কেইবাখনো গাও। ভূটানৰ পানী নামি অহাৰ ফলত আইনদীৰ জলস্তৰ বৃদ্ধি পোৱাত পুৱাৰ ভাগতে হঠাতে প্লাৱিত হয় দৰকিনামাৰী ,চক্ৰশীলা, বৃদ্ধবাসী আৰু হুৰামাৰা গাও।

বাঢ়নী পানীয়ে বাসগৃহ বুৰাই পেলোৱা পৰিলক্ষিত হৈছে। হঠাতে জলস্তৰ বৃদ্ধি পোৱাত লাম -লাকুটি লৈ মথাউৰিৰ ওপৰত অৱস্থান গ্ৰহণ কৰিছে বানাক্ৰান্ত লোক। গাঁও কেইখনৰ শতাধিক পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি।

আনহাতে সংহাৰী বানত উটি গ’ল চাৰিচকীয়া বাহন। বহু সময় চলা প্ৰচেষ্টাত উদ্ধাৰ কৰে বাহনখন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments