ডিজিটেল ডেস্ক, ANEWS24X7: নয়ডাত ভয়ংকৰ দুৰ্ঘটনা ৷ নয়ডাৰ বাহায়ু বিহাৰ আবাসিক নগৰত মঙলবাৰে পুৱা এখন দেৱাল খহি পৰে ৷ দেৱাল খহি পৰাৰ ফলত চেক্টৰ ২১ ত ধ্বাংসস্তূপত আৱদ্ধ হৈ পৰে কেইবাজনো শ্ৰমিক ৷
এই দুৰ্ঘটনাটোৰ ফলত ৪ জন শ্ৰমিক নিহত হোৱাৰ লগতে ৯ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে ৷ ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ৷ মৃত শ্ৰমিক চাৰিজনৰ ঘৰ উত্তৰ প্ৰদেশৰ বাদিয়ান জিলাৰ বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে শ্ৰমিক কেইজন দেৱালখনৰ কাষতে লাগি থকা এটা নলা পৰিস্কাৰ কৰাৰ কামত নিয়োজিত হৈ আছিল ৷