Monday, July 7, 2025
Homeৰাজনৈতিকগান্ধীয়ে ক্ষমা নোখোজে : ৰাহুল গান্ধী

গান্ধীয়ে ক্ষমা নোখোজে : ৰাহুল গান্ধী

ডিজিটেল ডেস্ক, ANEWS24X7: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পিছত আজি প্ৰথমবাৰ এখন সংবাদমেলৰ আয়োজন কৰে। প্ৰিয়ংকা গান্ধীৰ সৈতে দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

‘মই জনতাৰ মাজতে থাকিম, মোৰ কাম কৰি যাম’
‘২০ হাজাৰ কোটি আদানিৰ হাতলৈ কেনেকৈ আহিল সেই হিচাপ মোক লাগিবই’
‘এয়া কোনো OBC সম্পৰ্কীয় বিষয় নহয়, মই OBCক অপমান কৰা নাই’
প্রধানমন্ত্রীৰে আদানিৰ পুৰণি সম্পৰ্ক, আদানিৰ কোম্পানীত কোনে বিনিয়োগ কৰিছে?

 

সংবাদমেলত কয় যে,  মই এজন গান্ধী, মই চাভাৰকাৰ নহয়, গান্ধীয়ে ক্ষমা নোখোজে। ‘‘দেশত গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হৈ আছে। সংসদত মন্ত্ৰীসকলে মোৰ বিৰুদ্ধে মিছা মাতিলে। সংসদৰ পৰা মোৰ ভাষণ আঁতৰাই দিয়া হ’ল। মই প্ৰশ্ন কৰা বন্ধ নকৰো। মই ভয় কৰা মানুহ নহয়।’’

‘‘মই আপোনালোকক বহুবাৰ কৈছো যে হিন্দুস্তানত গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হৈ আছে। আমি দৈনিক ইয়াৰ উদাহৰণ পাওঁ। মই এটা প্ৰশ্ন কৰিছিলো যে আদানী জীৰ শ্বেল কোম্পানী আছে, তাত ২০ হাজাৰ কোটি টকা কোনোবাই বিনিয়োগ কৰিছে। প্ৰশ্ন এয়াই যে ২০ হাজাৰ কোটি টকা কাৰ?

 

সংবাদমেলৰ পিছত টুইট কৰে ৰাহুল গান্ধীয়ে। ‘মই প্ৰধানমন্ত্ৰীৰ চকুত ভয় দেখিছো’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments