- ‘‘একদম চিধা কথাটো হৈছে মানুহজন একেবাৰে চাফা মনৰ আছিল।
- আমি জানিব বিচাৰিছোঁ সেই দিনটোত আচলতে কি হৈছিল?
- কিয় আমি জুবিনক হেৰুৱাবলগা হ’ল সত্যটো জানিব বিচাৰোঁ।
- মোক একেবাৰে শুদ্ধ আৰু সত্য কথাটো জানিব লাগে ঘটনাটোত বহুত ডিছট্ৰেকচন আহিছে।’’
- ‘‘গোটেইখন খেলিমেলি হৈ গৈছে যেন ভাৱ হৈছে এতিয়া।
- তথাপি ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছোঁ।
- যিমান সোনকালে হয় সিমানেই ভাল, কাৰণ আমাৰ ভিতৰত একুৰা জুই জ্বলি আছে।
- তেওঁক হেৰুৱালোঁ, তেওঁ কেতিয়াও ঘূৰি নাহে, কিন্তু সত্যটো জানিবই লাগিব।’’
- ‘কোনোধৰণৰ পলিটিক্স, কোনো ধৰণৰ ডিছট্ৰেকছন মই নিবিচাৰোঁ।
- সকলোকে ইমান মৰম দিয়া মানুহজন কিয় ইমান অৱহেলাৰ বলি হ’ল?
- ছিংগাপুৰৰ লোকসকল আহি সহযোগ কৰিব লাগে, ইমানখিনি মানৱীয়তা কেনেকৈ নাইকীয়া হৈ গ’ল তেওঁলোকৰ?’’
